সংস্কৃতিৰ বিভিন্নতাৰ ভাষা বুজি নাপায় চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতা সকলে
চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতা সকলে সংস্কৃতিৰ বিভিন্নতাৰ ভাষা বুজি নাপায় : দালাই লামা ।
তিব্বতৰ আধ্যাত্মিক গুৰু দালাই লামাই চীনৰ কমিউনিষ্ট নেতা সকলক সংকীৰ্ণ মানসিকতাৰ বুলি সমালোচনা কৰে। দালাই লামাই চীনৰ কমিউনিষ্ট নেতা সকলক সংকীৰ্ণ মানসিকতাৰ বুলি উল্লেখ কৰি এইসকল নেতাই বিবিধ সংস্কৃতিৰ ভিন্নতা বুজি নাপায় বুলি কয়। এটা টেলিভিশ্যন সাক্ষাৎকাৰত অংশগ্ৰহণ কৰি দালাই লামাই এইদৰে চীনৰ নেতৃত্বৰ সমালোচনা কৰে। দালাই লামাই চীনত হান জনগোষ্ঠীয় লোকৰ প্ৰভূক্ত থকা বুলিও সদৰী কৰে।
ইপিনে, চীনৰ ঝিনঝিয়াং প্ৰদেশত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভতো দালাই লামাই মত প্ৰকাশ কৰি মাজে সময়ে কমিউনিষ্ট পাৰ্টিৰ নেতা সকল অধিক আগ্ৰাসী হৈ পৰে আৰু সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰে বুলি কয়।