Local, Vocal, Global

টাইৱানৰ সমীপত চীনৰ সামৰিক শক্তি প্ৰদৰ্শন

আমেৰিকাৰ প্ৰতিনিধি দলৰ টাইৱান ভ্ৰমণৰ সময়তে টাইৱানৰ সমীপত চীনৰ সামৰিক শক্তি প্ৰদৰ্শন । আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰতিনিধিৰ দলে মঙলবাৰে টাইৱান ভ্ৰমণ কৰাৰ সময়তে চীনে টাইৱানৰ ওচৰত সামৰিক অনুশীলন কৰে।

চীনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এই অনুশীলনক নিজৰ ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষাৰ বাবে অতি প্ৰয়োজনীয় হিচাপে আখ্যা দিয়ে।

“টাইৱানৰ বিষয়ক লৈ কিছু দেশৰ অনৈতিক পদক্ষেপৰ বিৰুদ্ধে সামৰিক অনুশীলনৰ সন্মিলিত প্ৰস্তুতি,” চীনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এইদৰেও উল্লেখ কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধিৰ দলে টাইৱান ভ্ৰমণৰ বিৰুদ্ধে চীনে প্ৰথমৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। চীনৰ প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰি আমেৰিকাৰ প্ৰতিনিধি দলে টাইৱান ভ্ৰমণ কৰাৰ সময়তে চীনে এইদৰে সামৰিক শক্তি প্ৰদাৰ্শন কৰে।

ইপিনে, চীনৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ সৈতে থকা তেওঁলোকৰ সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ সাজু বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।