Local, Vocal, Global

অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুতকৰণৰ নিৰ্দেশ চীনৰ নাগৰিকক

চীন চৰকাৰে নাগৰিকসকলক প্রয়োজনীয় খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সা-সামগ্ৰী পৰ্যাপ্ত পৰিমাণত ঘৰত মজুত ৰাখিবলৈ আহ্বান জনাইছে।

শীতত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ সম্ভাৱ্য নাটনি আৰু মূল্যবৃদ্ধিৰ পৰা সকাহ লাভ কৰিবলৈ চীন চৰকাৰে এইদৰে নাগৰিকক প্ৰয়োজনীয় সামগ্ৰী মজুত ৰাখিবলৈ নিৰ্দেশ দিছে।

দৰাচলতে চীনত কিছুদিন পূর্বে প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাই খেতিবাতিৰ যথেষ্ট ক্ষতিসাধন কৰিছিল। সেয়েহে এইবাৰৰ শীতত দেশখনত বিভিন্ন খাদ্য দ্রব্যৰ নাটনি ঘটিব পাৰে বুলি আৰু মূল্যবৃদ্ধিৰ শংকাত চীন চৰকাৰে দেশবাসীক অত্যাবশ্যকীয় খাদ্য সামগ্রী জমা কৰি ৰাখিবলৈ পৰামৰ্শ দিছে।

আগন্তুক সময়ত দেশখনৰ নাগৰিকসকলে যাতে আহুকালৰ সন্মুখীন হ’ব নালাগে, তাক নিশ্চিত কৰিবলৈ জি জিনপিঙৰ প্ৰশাসনে সতর্কতা অৱলম্বন কৰি এই নির্দেশনা জাৰি কৰিলে।