Local, Vocal, Global

যুদ্ধৰ বাবে সাজু চীনা সৈন্য

লাডাখ সীমান্তৰ উত্তেজনাক লৈ চৰ্চা চলি থকাৰ সময়তে চীনা সেনাবাহিনীক যুদ্ধৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে৷ চীনা চৰকাৰী সংবাদ প্ৰতিষ্ঠান জিনহুৱাৰৰ উদ্ধৃতিৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে গোৱাংদং প্ৰদেশস্থিত চীনা সামৰিক বাহিনীৰ এটা ঘাটিত পৰিদৰ্শনৰ সময়তে দেশখনৰ সেনাবাহিনীক যুদ্ধৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷