মৰিগাঁৱৰ জাগীৰোডত সংঘটিত হৈছে এক জঘন্য ঘটনা। জাগীৰোডৰ শিলচাঙত এটি শিশুক যৌন নিৰ্যাতনৰ ঘটনা ৷ বৃহস্পতিবাৰে জাগীৰোডৰ শিলচাঙত পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ লৈ ৬ বছৰীয়া শিশুটিৰ ঘৰত প্ৰৱেশ কৰে লম্পট চৰিত্ৰৰ ৰবিন বৰদলৈ নামৰ প্ৰায় ৪০ বছৰীয়া লোকজন ৷ কন্যা শিশুটিক ঘৰত অকলে পাই অসৎ চৰিতাৰ্থ পুৰণ কৰে ৰবিন বৰদলৈয়ে ৷ পিছত শিশুটিৰ মাতৃ-পিতৃ ঘৰলৈ অহাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ইফালে কন্যা শিশুটিৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ লগতে আৰক্ষীৰ কাষচাপে পৰিয়ালটো ৷ যৌন নিৰ্যাতন চলোৱা অভিযুক্ত ৰবিন বৰদলৈক গ্ৰেপ্তাৰ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ A/B আৰু R/W 6 of POCSO আইনৰ অধীনত ৩৩২/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে জাগীৰোড আৰক্ষীয়ে ৷