Local, Vocal, Global

যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ স্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী,১৯ নৱেম্বৰ: বৃহস্পতিবাৰে সন্ধিয়া যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ স্থলী পৰিদৰ্শন কৰে । দুদিনীয়া কাৰ্যসূচীৰে মাজুলী লৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাই ।

দলঙৰ নিৰ্মাণ স্থলী পৰিদৰ্শন কৰি দলং নিৰ্মাণ সংস্থাৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ৰাস মহোৎসৱৰ মাজতে মাজুলীবাসীক সুখী কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম ৷

অহা চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলীবাসীৰ সপোনৰ দলংখন । ইফালে যোৰহাট-মাজুলী দলং নিৰ্মাণস্থলী পৰিদৰ্শন কৰি ৩০ নৱেম্বৰত দলঙৰ প্ৰথমটো খুঁটা পোতাৰ লগতে দুই এদিনৰ ভিতৰতে ভূমি অধিগ্ৰহণৰ বাবে প্ৰয়োজনীয় ধন মুকলি কৰি দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্রী গৰাকীয়ে।