Local, Vocal, Global

Chapar drugs case:ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে চাপৰৰ মোৱাটাৰী

৩১জানুৱাৰী ২০২৫,চাপৰ:অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি চাপৰৰ মোৱাটাৰীৰ পৰা সৰবৰাহ হয় ড্ৰাগছ।বিভিন্ন ঠাইৰ যুৱকে আহি ড্ৰাগছ ক্ৰয় কৰে মোৱাটাৰীৰ খৰিদাগোসাই গাঁৱৰ একাংশ ড্ৰাগছ ব্যৱসায়ীৰ পৰা।
অনুৰূপ ধৰণে নিশা ড্ৰাগছ ক্ৰয় কৰিবলৈ আহিছিল কোকৰাঝাৰৰ এজন যুৱক। স্থানীয় ৰাইজে যুৱকজনক আটক কৰাত উদ্ধাৰ হয় ড্ৰাগছ ভৰ্তি কন্টেনাৰ। আটক যুৱক জনৰ নাম ভীমছা দৈমাৰী বুলি জানিব পৰা গৈছে।
স্থানীয় ৰাইজে চাপৰ আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ড্ৰাগছ সহ যুৱকজনক আটক কৰে। লগতে জব্দ কৰে এখন বাইক। বাইকখনৰ নম্বৰ AS 16 A 0395
ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে