Local, Vocal, Global

ঘৰৰ পৰা ভ্ৰমণলৈ ওলাই যোৱা বুলি কৈ প্ৰেমিকৰ সৈতে পলায়ন প্ৰেমিকাৰ

এফালে প্ৰেম, ভালপোৱা আনহাতে লাভ জেহাদ !

লাভ জেহাদ চক্ৰৰ বলি হিন্দু যুৱতী, অভিযোগ বেংগলী ফেডাৰেচনৰ।

চাপৰ আৰক্ষী থানাত আত্মসমৰ্পন যুৱক-যুৱতীৰ।

ৰাজ্যত পুনৰ সংঘটিত হৈছে নেকি লাভ জেহাদৰ ঘটনা। এইবাৰৰ স্থান চিৰাং জিলাৰ বাসুগাঁওত। বাসুগাঁও নিবাসী ছফিউল আনছাৰীয়ে ভালপোৱাৰ চালনাৰে পলুৱাই নিলে এগৰাকী হিন্দু যুৱতীক। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে পূৱা ছোৱালী এজনী ঘৰৰ পৰা প্ৰাতঃ ভ্ৰমণলৈ ওলাই যায় যদিও বহু সময় লৈকে ঘৰলৈ উভতি নোহাত পৰিয়ালৰ লোকসকল চিন্তি হৈ পৰে।

বহু বিচাৰ খোচাৰ কৰাৰ পিছত পৰিয়ালৰ লোকে ছোৱালীজনীক বিচাৰি নোপোৱাত অৱশেষত বাসুগাঁও আৰক্ষী থানাত নিৰুদ্দেশ হোৱা বুলি এখন এজাহাৰ দাখিল কৰে।

দল সংগঠনৰ তৎপৰতা আৰু বাসুগাঁও আৰক্ষীৰ অনুসন্ধানত অৱশেষত ছফিউল আনছাৰী আৰু  যুৱতী গৰাকী চাপৰ আৰক্ষী থানাত আহি আত্মসমৰ্পণ কৰে।

পিছত বাসুগাঁও আৰক্ষী চাপৰ আৰক্ষী থানাত উপস্থিত হৈ ছফিউল আনছাৰী আৰু যুৱতী গৰাকীক চাপৰ প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি যুৱক-যুৱতী হালক আটক কৰি বাসুগাঁও থানালৈ যায়।

 

ইফালে দল সংগঠনৰ দাবী যে যুৱক গৰাকীক প্ৰশাসনে উচিত শাস্তি প্ৰদান কৰিব লাগে।