Local, Vocal, Global

জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডই বিষ দি নিধন কৰিলে কপৌ আৰু পাৰ চৰাই

চাপৰৰ ঘুনীমাৰীত একাংশ জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড । খেতিপথাৰত বিষ দি মাৰিলে কপৌ আৰু পাৰ চৰাই ।
জেল হক নামৰ এজন ব্যক্তিয়ে তেওঁৰ মূলা খেতিত বিষ দিয়াৰ গুৰুত্বৰ অভিযোগ । উক্ত বিষ খাই অৰ্ধ শতাধিক কপৌ আৰু পাৰ চৰাইৰ মৃত্যু । ইয়াক লৈ চাপৰৰ ঘুনীমাৰীত তীব্ৰ চাঞ্চল্য । ঘটনাস্থলীত পিছত আৰক্ষী আৰু বন বিভাগৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

ধুবুৰী জিলাৰ চাপৰৰ ঘুনীমাৰীত এক নিকৃষ্ট কাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে জেল হক নামৰ এজন ব্যক্তিয়ে তেওঁৰ মূলা খেতিত বিষ দি থয়। উক্ত বিষ খাই ঘুনীমাৰী অঞ্চলৰ বহু লোকৰ পাৰ চৰাই মৃত্যু হোৱাৰ লগতে প্ৰায় অৰ্ধ শতাধিক কপৌ চৰাইও মৃত্যুৰ মুখত পৰে। উক্ত ঘটনাই চাপৰ অঞ্চলত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। পিছত ৰাইজে আৰক্ষী আৰু বন বিভাগক খৱৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
ৰাইজৰ দাবী যে অতি শীঘ্ৰে প্ৰশাসনে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰা জিয়াল হক নামৰ ব্যক্তি গৰাকীকক উচিত শাস্তি প্ৰদান কৰিব লাগে