Local, Vocal, Global

ৰাজপথত ভুঁই ৰুই  প্ৰতিবাদ

চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ তথা সাংসদ তপন কুমাৰ গগৈৰ নিজা পঞ্চায়তৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক ৷ যাৰ বাবে  কভিড-১৯ মহামাৰীৰ আতংকময় পৰিৱেশৰ মাজতো প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ল সীমান্তৱৰ্তী ৰাইজ ৷ অসম অৰুণাচল সীমান্তৱৰ্তী চৰাইপুঙৰ ডাবলুহাবি গাঁৱৰ যাতায়তৰ একমাত্ৰ বৰচুক পথটো বিগত এটা বছৰতকৈ অধিক সময় ধৰি পথটোৰ এছোৱা নিৰ্মাণ কৰি বাকী আধা ছোৱা পথ নিৰ্মাণ নকৰাত এজাক বৰষুণতে পথছোৱা বোকাময় হৈ পৰে ৷ যাৰ ফলত বৃহৎ অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগি আহিছে ৷ বাৰম্বাৰ পঞ্চায়তৰ বিষয়ববীয়াৰ লগতে  সাংসদ  তপন গগৈ আৰু বিধায়িকা নৱনীতা সন্দিকৈক অনুনয় বিনয় কৰি কোনো সুফল নোপোৱাত পথছোৱাতে অঞ্চলটোৰ ৰাইজে ভূঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷