কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল ঘোষণা
নিউজ ডেস্ক, ৩০ মে’- এইবাৰ ইউপিএচচি বা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ শিল্পা খনিকৰে স্থান লাভ কৰিছে বুলি জানিব পৰা গৈছে। UPSC পৰীক্ষাত ৫০৬ নম্বৰ স্থানত জিলিকিল অসমৰ শিল্পা খনিকৰ।
ইউপিএছচি পৰীক্ষা ২০২১-ৰ চূড়ান্ত ফলাফল সোমবাৰে প্ৰকাশ কৰা হৈছে। এই বছৰ শ্ৰুতি শৰ্মাই অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে।
সেইদৰে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ক্ৰমে অংকিতা আগৰৱাল আৰু জামিনী সিংগলাই। উল্লেখযোগ্য যে এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত প্ৰথম চাৰিটা স্থানতে উজলিল মহিলা।
ভাৰত চৰকাৰৰ অধীনত IAS, IPS, IFS আৰু অসামৰিক সেৱাৰ পৰীক্ষা ২০২১ ত মুঠ ৬৮৫ জন প্ৰাৰ্থী বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত,২৪৪ জন সাধাৰণ শ্ৰেণীৰ অন্তৰ্ভুক্ত। ৭৩ জন ইডব্লিউএছৰ, ২০৩ অ’বিচি, অনুসূচীত জাতিৰ ১০৫ জন আৰু অনুসূচীত জনজাতি শ্ৰেণীৰ ৬০ জন।
নিৰ্বাচিত প্ৰাৰ্থীসকলৰ যোগ্যতা প্ৰাৰম্ভিক পৰীক্ষা, মুখ্য পৰীক্ষা আৰু ইউপিএছচিৰ দ্বাৰা পৰিচালিত সাক্ষাৎকাৰ পৰ্যায়ত প্ৰদৰ্শনৰ আধাৰত মুকলি কৰা হৈছে।