Local, Vocal, Global

কানাডাত ‘জলবায়ু পৰিৱর্তন’ৰ দ্বাৰা আক্রান্ত প্রথম ৰোগী চিনাক্ত

0 11

স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত জলবায়ু পৰিৱর্তনক লৈ ৰাষ্ট্রসংঘৰ ক’প–২৬ সন্মিলনৰ মাজতে কানাডাৰ ব্রিটিছ কলম্বিয়া প্রদেশত ‘জলবায়ু পৰিৱর্তন’ৰ দ্বাৰা আক্রান্ত হোৱা প্রথমগৰাকী ৰোগী চিনাক্ত কৰা হৈছে ৷ ব্রিটিছ কলম্বিয়াৰ চিকিৎসকে প্রকাশ কৰা মতে জলবায়ু পৰিৱর্তনৰ বাবে আক্রান্ত হোৱা ৰোগীগৰাকী হৈছে মহিলা ৷ মহিলাগৰাকীয়ে শ্বাস–প্রশ্বাসজনিত জটিল সমস্যাত আক্রান্ত হোৱাৰ পিছত চিকিৎসালয়ত ভর্তি কৰোৱা হয় ৷ আক্রান্ত মহিলা ৰোগীগৰাকীক নিৰীক্ষণৰ অন্তত চিকিৎসকে বিশ্বৰ ভিতৰত প্রথম এনে ৰোগী চিনাক্ত হোৱা বুলি দাবী কৰিছে ৷

চিকিৎসকৰ মতে ৰোগীগৰাকী জলবায়ু পৰিৱর্তনৰ চিকাৰ হৈছে ৷ কুটিনে লেক হাস্পতালৰ জৰুৰীকালীন কক্ষত চিকিৎসাধীন হৈ থকা ৰোগীগৰাকী সন্দর্ভত ডাঃ কাইলে মেৰিটে প্রকাশ কৰিছে ৷ উল্লেখ্য যে ব্রিটিছ কলম্বিয়াৰ কুটিনে অঞ্চলত চলিত বর্ষটোত ১৬শতকৈ অধিক বনজুইৰ ঘটনা সংঘটিত হৈছে৷ এই বনজুইৰ ফলতেই অঞ্চলটোত জলবায়ুৰ পৰিৱর্তনৰ প্রচণ্ড প্রভাৱ পৰিছে ৷

Leave A Reply

Your email address will not be published.