WATCH | Cachar News : পাকিস্তান সেনাবাহিনীক সমৰ্থন জনাই প’ষ্ট কৰি গ্ৰেপ্তাৰ কাছাৰৰ জলাগ্ৰামৰ বিলাল আহমেদ
কাছাৰ,১০মে’ : “পাকিস্তান জিন্দাবাদ” আৰু পাকিস্তান সেনাবাহিনীক সমৰ্থন জনাই সামাজিক মাধ্যমত বিতৰ্কিত প’ষ্ট কৰি গ্ৰেপ্তাৰ কাছাৰৰ জলাগ্ৰামৰ বিলাল আহমেদ।
“পাকিস্তান জিন্দাবাদ” আৰু পাকিস্তান সেনাবাহিনীক সমৰ্থন জনাই সামাজিক মাধ্যমত বিতৰ্কিত প’ষ্ট কৰাৰ বাবে এইবাৰ গ্ৰেপ্তাৰ হৈছে বিলাল আহমেদ নামৰ আন এজন যুৱক। তেওঁ কাছাৰৰ জলাগ্ৰামৰ বাসিন্দা। শুকুৰবাৰে বজৰং দল পশ্চিম কাছাৰ জিলা শাখাৰ পক্ষৰ পৰা বিলাল আহমেদৰ বিৰুদ্ধে বিহাড়া আৰক্ষী অনুসন্ধান কেন্দ্ৰত অভিযোগ দাখিল কৰাৰ পিছতেই, সেই নিশাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। বৰ্তমানে তেওঁ কালাইন থানাত আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান(Cachar News)।
কাছাৰৰ জলাগ্ৰাম অঞ্চলৰ বাসিন্দা বিলাল আহমেদে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা বিতৰ্কিত আৰু দেশ বিৰোধী প’ষ্ট কৰে। সেই প’ষ্টত তেওঁ “পাকিস্তান জিন্দাবাদ” শ্লো’গান দি পাকিস্তান সেনাবাহিনীক সমৰ্থন জনায়।
বজৰং দলৰ বিষয়ববীয়াই কয় যে, বিলাল আহমেদৰ এই ধৰণৰ প’ষ্ট কেৱল সামাজিকভাৱে দায়িত্বহীন নহয়, বৰং এইটো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)-ৰ বিভিন্ন ধাৰাৰ অধীনত দেশদ্ৰোহীতা আৰু সাম্প্ৰদায়িক বিদ্বেষ ছটিয়াবলৈ উৎসাহিত কৰাৰ দৰে গম্ভীৰ অপৰাধ হিচাপে গণ্য হ’ব পাৰে।
লগতে পঢ়ক : WATCH | Panchayat Election : দেৰগাঁৱত প্ৰথমবাৰৰ বাবে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোট গণনা আৰম্ভ হ’ব