Local, Vocal, Global

WATCH | Cachar News : বাহনৰ পৰা তেল চুৰি কৰি আৰক্ষীৰ জালত দুজন ব্যক্তি

কাছাৰ,২৭এপ্ৰিল : বাহনৰ পৰা তেল চুৰি কৰি আৰক্ষীৰ জালত দুজন ব্যক্তি। আটকাধীন লোককেইজনৰ বীৰবল বৰ্মন (২৮), বিন্দ বসুমতাৰী (২৬)।

তথ্য অনুসৰি যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় ৩:০০ বজাত বীৰবল বৰ্মন আৰু আন এজন ব্যক্তিয়ে বৰখলা পেট্ৰ’ল পাম্পৰ সন্মুখত থকা এ এছ-০৬-বি চি-৫৮১৫ নম্বৰৰ এখন টেংকৰ বেটাৰীসহ এখন গাড়ীৰ পৰা তেল চুৰি কৰি লৈ যায়। শুকুৰবাৰে বুলেট টেংকাৰখনৰ চালক আলী হুছেইনে বৰাখলা থানাত চুৰিৰ ৰিপৰ্ট দাখিল কৰে।

তাৰ পিছতে চি চি কেমেৰাৰ ফুটেজৰ ভিত্তিত শনিবাৰে বিয়লি ভিডিপি উজান নগৰ দক্ষিণ দিলৱাৰ হুছেইন চৌধুৰী আৰু ভিটাৰ গংগাপুৰৰ ১নং ব্লক ভিডিপিৰ সম্পাদক ফখৰুল ইছলাম লস্কৰৰ লগতে বৰাখলা আৰক্ষী থানাৰ এছ আই মণিৰাম কলিতাৰ দলে বিহাৰা সেৱতীত অভিযান চলাই বীৰবলৰ ঘৰৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ কৰে(Cachar News)।

পিছত বীৰবলৰ সৈতে তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰা হয়। দেওবাৰে আটকাধীন দুইজনক আদালতলৈ প্ৰেৰণ কৰা হয়। দলটোৰ সৈতে আছিল কালাইন থানাৰ অ’ চি মাহদয় টান।

লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোডত ইতিহাস প্ৰসিদ্ধ গোভা দেওঁৰজা আৰু পশ্চিম নগাঁও ৰজাৰ গোসাঁই উলিওৱা মেলা