Local, Vocal, Global

অসম ৰত্ন বঁটা এতিয়াৰে পৰা প্ৰতিবছৰে প্ৰদান কৰা হ’ব

এইবাৰৰ পৰা প্ৰতিবছৰে প্ৰদান কৰা হ’ব অসম ৰত্ন বঁটা।আজি কেবিনেটে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসম ৰত্ন বঁটা পূৰ্বতেও আছিল কিন্তু ৩ বছৰৰ ব্যৱধানত প্ৰদান কৰা হৈছিল। এতিয়াৰে পৰা প্ৰতিবছৰে এজন লোকলৈ প্ৰদান কৰা হ’ব এই বঁটা। ইপিনে অসম বিভূষণ, অসম ভূষণ, অসমশ্ৰী বঁটা সম্পৰ্কতো চৰকাৰৰ সিদ্ধান্ত। ইয়াৰে অসম বিভূষণ ৩গৰাকীয়ে, অসম ভূষণ ৫গৰাকীয়ে আৰু অসমশ্ৰী বঁটা ১০ গৰাকী লোকে লাভ কৰিব। আনহাতে এই বঁটাসমূহৰ সৈতে দিয়া ধনৰাশিৰ পৰিমান হৈছে অসম ৰত্ন বঁটা ৫ লাখ টকা, অসম বিভূষণৰ সৈতে ৩ লাখ টকা, অসম ভূষণৰ কাৰণে ২ লাখ টকা আৰু অসমশ্ৰী বঁটাৰ সৈতে দিয়া হ’ব ১ লাখ টকা। ইয়াৰোপৰি এই বঁটা লাভ কৰাসকলে অন্যান্য সুবিধা লাভ কৰিব। চিকিৎসা সাহাৰ্যৰ ওপৰিও অসম ভৱনকে আদি কৰি চাৰ্কিট হাউচত থকাৰ ব্যৱস্থা লাভ কৰিব। লগতে পৰিবহন বিভাগৰ বাছত বিনামূলীয়াকৈ যাতায়ত কৰাৰো সুবিধা লাভ কৰিব।
প্ৰত্যেক বছৰে অসম দিৱসৰ দিনা এই সকলো বঁটা প্ৰদান কৰা হ’ব।