Local, Vocal, Global

হাৰিয়ানা–হিমাচল প্রদেশত বিজেপিত মোক্ষম আঘাত

ইন্ধনকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে দেশবাসীক মাধমাৰ শোধাই থকাৰ সময়তে দেশৰ ১৪খন ৰাজ্যৰ ২৯টা বিধানসভা সমষ্টি আৰু তিনিখন ৰাজ্যৰ তিনিটা লোকসভা সমষ্টিত হৈ যোৱা উপ–নির্বাচনৰ ফলাফল ঘোষণা কৰা হয়৷ ঘোষিত ফলাফলত উপ–নির্বাচন অনুষ্ঠিত হোৱা কেইবাখনো ৰাজ্যত শাসকীয় দলে বৃহৎ সফলতা লাভ কৰাৰ বিপৰীতে আন কেইবাখনত পৰাজয়ৰ সন্মুখীন হয়৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অসমত উপ–নির্বাচন অনুষ্ঠিত হোৱা পাঁচটা বিধানসভা সমষ্টিতে বৃহৎ জয়লাভ কৰে৷ তেনেদৰে মিজোৰাম–মেঘালয়–না শাসকীয় দলে জয়লাভ কৰে৷ মেঘালয়ত অনুষ্ঠিত তিনিটা সমষ্টিৰ ভিতৰত দুটাত এনপিপিয়ে জয়লাভ কৰাৰ বিপৰীতে আনটোত ইডিপিয়ে বিজয় সাব্যস্ত কৰে৷ নাগালেণ্ডত শাসকীয় এনডিপিপি আৰু মিজোৰামত শাসকীয় এমএনএফে বিধানসভা অনুষ্ঠিত হোৱা সমষ্টিটো নিজৰ দখলত ৰাখে৷ তৃণমূল কংগ্রেছশাসিত পশ্চিমবংগত শাসকীয় দলটোৱে উপ–নির্বাচন অনুষ্ঠিত হোৱা চাৰিটাও সমষ্টিতে জয়লাভ কৰে৷ তিনিটা সমষ্টিত বিৰোধী বিজেপিৰ প্রার্থীৰ আমানতৰ ধন বাজেয়াপ্ত হয়৷ ইপিনে বিজেপিশাসিত হিমাচল প্রদেশ আৰু হাৰিয়ানাত শাসকীয় দলটোৰ ওপৰত মোক্ষম আঘাত পৰে৷ দুয়োখন ৰাজ্যত শাসকীয় দলটোৱে বিধানসভাৰ উপ–নির্বাচন আৰু লোকসভাৰ উপ–নির্বাচনত পৰাজয়ৰ সন্মুখীন হয়৷

হিমাচল প্রদেশতনুষ্ঠিত তিনিটা বিধানসভা সমষ্টিৰ তিনিওটাতে শাসকীয় বিজেপিয়ে পৰাজয় বৰণ কৰে ৷ তেনেদৰে হাৰিয়ানাত অনুষ্ঠিত একমাত্র বিধানসভা সমষ্টিটোৰ উপ–নির্বাচনৰ ফলাফলত শাসকীয় বিজেপিক পৰাভূত কৰি ইণ্ডিয়ান লোকদলৰ প্রার্থী অভয় সিং চৌতালা বিজয়ী হয়৷ বিহাৰতো শাসকীয় জেডিইউৱে উপ–নির্বাচন হোৱা দুটা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হয়৷ অন্ধ্রপ্রদেশত অনুষ্ঠিত হোৱা একমাত্র বিধানসভা সমষ্টিৰ উপ–নির্বাচনত শাসকীয় ৱাইএছআৰ কংগ্রেছে জয়লাভ কৰে৷ কর্ণাটকত অনুষ্ঠিত দুটা বিধানসভাৰ উপ–নির্বাচনত এটাত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে আন এটাত কংগ্রেছে জয়লাভ কৰে৷ ইপিনে, মধ্যপ্রদেশৰ তিনি বিধানসভা সমষ্টিত দুটাত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে এটাত কংগ্রেছে বিজয় সাব্যস্ত কৰে৷ মহাৰাষ্ট্রৰ এটা বিধানসভা সমষ্টিত শাসকীয় কংগ্রেছ দলে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷

তেলেংগানাৰ একমাত্র সমষ্টিটোত শাসকীয় টিআৰএছ আৰু কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ মাজত তুমুল প্রতিদ্বন্দ্বিতাৰ অন্তত বিজেপিয়ে শেষ হাঁহি মাৰে৷ আনপিনে কংগ্রেছশাসিত ৰাজস্থানৰ দুটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত এটাত শাসকীয় দলটোৱে জয়লাভ কৰাৰ বিপৰীতে আনটোত বিজেপি বিজয়ী হৈছে৷ উল্লেখ্য যে উপ–নির্বাচন অনুষ্ঠিত হৈ যোৱা তিনি লোকসভা সমষ্টিৰ ভিতৰত মহাৰাষ্ট্রৰ দাদৰ নগৰ হাভেলী সমষ্টিত শিৱসেনাই জয়লাভ কৰে৷ হিমাচল প্রদেশৰ মাণ্ডি সংসদীয় সমষ্টিটো বিজেপিৰ হাতৰ পৰা কাঢ়ি নি কংগ্রেছে বিজয় সাব্যস্ত কৰে৷ তেনেদৰে মধ্যপ্রদেশৰ খাণ্ডোৱা সংসদীয় সমষ্টিটোত শাসকীয় বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷