Businessman Fatally Shot Dead by Dacoits in Goalpara : ব্যৱসায়ীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

নিউজ ডেস্ক,১৫জুলাই : ৰাজ্যত পুনৰ গুলীচালনাৰ ঘটনা । এইবাৰ ব্যৱসায়ীক লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা । দুৰ্বৃত্তৰ গুলিত নিহত ব্যৱসায়ী ।
ৰাজ্যত প্ৰতিদিনে পোহৰলৈ আহে এটাৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা।প্ৰতিদিনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে হত্যাকাণ্ডৰ ঘটনাই।
এইবাৰ গোৱালপাৰাত গুলীচালনাৰ ঘটনা। গোৱালপাৰাৰ শ’লমাৰীত দেওবাৰে নিশা সংঘটিত হয় ভয়ংকৰ গুলীচালনাৰ ঘটনা।শ’লমাৰীত এজন অনা অসমীয়া ব্যক্তিক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ’ল অশোক গোৱেল নামৰ ব্যৱসায়ীজনৰ(Businessman Fatally Shot Dead by Dacoits in Goalpara )।
জানিব পৰা ম’তে ধূপধৰাৰ পৰা পুত্ৰসহ আহি আছিল অশোক গোয়েল। পুত্ৰসহ অশোক গোৱেলৰ লগত আছিল বাহনৰ চালকজন। শ’লমাৰীত দুৰ্বৃত্তই আগভেঁটি ধৰিছিল অশোক গোৱেলৰ বাহন। জানিব পৰা ম’তে এল্ট’ বাহনত আহিছিল অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটো।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই কোনে আৰু কিয় সংঘটিত কৰিলে এই গুলীচালনাৰ ঘটনা।ইতিমধ্যে গোৱালপাৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে।
লগতে পঢ়ক : Assam Police Drive Against Cattle Smuggling : গোলকগঞ্জৰ জব্দ বাহনসহ চোৰাং গৰু