Local, Vocal, Global

Bumper Offer:বিনামূল্যে ঘৰলৈ লৈ আহক ১০ লাখ টকা মূল্যৰ গাড়ী…

ক’ৰোনা মহামাৰীয়ে (covid-19) সমগ্ৰ বিশ্বতে ধ্বংসযজ্ঞ চলাই আহিছে । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ,প্ৰায় প্ৰতিখন দেশত টিকাকৰণ অভিযান চলোৱা হৈছে । ভাৰতত যদিও ভেকচিনৰ অভাৱৰ সন্মুখীন হব লগা হৈছে কিন্তু কিছুমান দেশৰ নাগৰিকে টিকাকৰণ প্ৰতি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আৰু যাৰ বাবে চৰকাৰে তেওঁলোকৰ বাবে বহুতো প্ৰস্তাৱ আগবঢ়াইছে ।
ৰাছিয়াত টিকাকৰণ কৰিবলৈ এক অনন্য প্ৰস্তাৱ আগবঢ়াইছে । ৰাছিয়াৰ ৰাজধানী মস্কোৰ মেয়োৰে ঘোষণা কৰিছে যে যিজনে টিকাকৰণৰ ভেকচিনৰ পালি ল’ব তেওঁক বিনামূলীয়া ভাৱে এখন নতুন গাড়ি দিয়া হব । মহাৰাষ্ট্ৰ টাইমছৰ তথ্য অনুসৰি মস্কোৰ মেয়ৰ ছেৰ্গেই চবায়ানিনে দেওবাৰে ঘোষণা কৰিছিল যে নিউ কাৰ ফ্ৰীৰ বাবে ক’ৰোনা টিকাকৰণকাৰীক ১০ লাখ টকালৈকে এটা ব্ৰেণ্ড দিয়া হ’ব।  ইয়াৰ ফলত টিকাকৰণৰ হাৰ উন্নত হ’ব কিয়নো মানুহে এখন নতুন গাড়ী ঘৰলৈ লৈ যাব যাৰ আকৰ্ষণে টিকাকৰণৰ প্ৰতি মানুহৰ আগ্ৰহ দেখুৱাব।