বিটিএডিত UPPLকৰ্মীৰ আক্ৰমণত BPFৰ কৰ্মী গুৰুতৰভাৱে আহতৰ অভিযোগ

সম্প্ৰতি ক’ভিড-১৯ৰ ভয়াৱহতাৰ বাবে বিটিচিৰ পৰিষদীয় নিৰ্বাচন স্থগিত হৈ আছে যদিও নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিএডিত আৰম্ভ হৈছে আক্ৰমণ-প্ৰত্যাক্ৰমনৰ ঘটনা ৷ গোসাইগাঁও মহকুমাৰ কচুগাঁৱত ইউ পি পি এলৰ কৰ্মীৰ আক্ৰমণত এগৰাকী বিপিএফ কৰ্মী গুৰুতৰ ৰূপে আহত হৈ চিকিৎসাধীন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ আহত লোকজন কচুগাঁও থানাৰ অন্তৰ্গত জয়পুৰ থাপলাঝোৰা নিৱাসী মতিলাল বসুমতাৰী। আহত বসুমতাৰীয়ে অভিযোগ মতে তেওঁ শণিবাৰে সন্ধিয়া ৭:৩০ মান বজাত কচুগাঁও বজাৰৰ পৰা নিজৰ মটৰ চাইকেলেৰে গৃহাভিমুখে গৈ থাকোতে পূৰ্বৰে পৰা খাপ পিটি থকা ইউ পি পি এলৰ দুজন কৰ্মী সুচীদা নাৰ্জাৰী আৰু মনিন বসুমতাৰীয়ে তেওঁক আগভেটি ধৰি আক্ৰমন চলায় ৷ ফলত তেওঁ মূৰত গুৰুতৰ আঘাতপ্ৰাপ্ত হৈ ঢলি পৰে ৷ পিছত পৰিয়ালৰ লোকে তেঁওক ততাতৈয়াকৈ কচুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰন কৰে ৷ আহত মতিলাল বসুমতাৰীয়ে কয় যে ইউ পি এলৰ কৰ্মী সকলে পূৰ্ব পৰিকল্পিত ভাবে আক্ৰমন চলাইছে আৰু এই ঘটনাৰ তেওঁ উচিত তদন্ত কৰি দোষীৰ উচিত শাস্তি বিচাৰিছে । উক্ত ঘটনাক বিপিএফৰ কচুগাঁও ব্লক মহিলা শাখাৰ সভাপতি হৰিপ্ৰিয়া ৰায় আৰু মহিলা শাখাৰ কেন্দ্ৰীয় কাৰ্যকাৰী সদস্য ইন্দু ৰানীয়ে তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী কৰে ৷ কিন্তু সুচীদা নাৰ্জাৰীৰ পত্নী চম্পা নাৰ্জাৰীয়ে সকলো অভিযোগ খণ্ডন কৰি মতিলাল বসুমতাৰীৰ বিৰুদ্ধেহে ওলাটাই এজাহাৰ দাখিল কৰে ৷