Local, Vocal, Global

ভায়েকৰ দাৰ ঘাপত প্ৰাণ গ’ল ককায়েকৰ

নিউজ ডেস্ক,৬জুন : ডিব্ৰুগড় জিলাৰ চাবুৱাৰ নপাম দুলীয়াহোলা গাঁৱতত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ৩৮ বছৰীয়া কোলাৰাই ঘাটোৱাৰে দাৰে ঘপিয়াই হত্যা কৰিলে জেষ্ঠ ভ্ৰাতৃ বিজয় ঘটোৱাক দাৰে ঘপিয়াই হত্যা কৰে ।

দুই ককাই ভাইৰ মাজত ঘৰুৱা কথাতে মতবিৰোধ হোৱাত ভায়েকে দাৰে ঘপিয়াই হত্যা কৰে ককায়েকক। একেটা চৌহদতেই আছিল দুই ককাই ভাইৰ পৰিয়াল ।

ককায়েকক হত্যা কৰি চাবুৱা থানাত উপস্থিত হয় কোলাৰাই ঘাটোৱাৰ। সম্প্ৰতি চাবুৱা আৰক্ষীয়ে বিজয় ঘটোৱাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।