Local, Vocal, Global

আত্মনিৰ্ভৰশীলতাৰ ফালে ভাৰতৰ এখোঁজ

ৰঙা চীনক পুনৰ সকীয়নি ভাৰতৰ। আত্মনিৰ্ভৰশীলতাৰ ফালে ভাৰতৰ এখোঁজ। ব্ৰাহ্মোজ Supersonic Cruise Missileৰ পৰীক্ষণ সম্পন্ন।

ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থা( DRDO )ৰ বিজ্ঞানীসকলে ব্ৰাহ্মোজ Supersonic Cruise Missile প্ৰস্তুত কৰি উলিয়াইছে।

ওড়িশাৰ বালাচোৰৰ সাগৰৰ তীৰত ভাৰতে এই মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰে। ব্ৰহ্মোজ মিছাইলে ৪০০ কিলোমিটাৰ দূৰত্বত শব্দতকৈ তিনিগুণ বেগত গৈ আঘাত হানিব পাৰে।

শেহতীয়াকৈ প্ৰতিবেশী ৰাষ্ট্ৰ চীনৰ সৈতে ভাৰতৰ সংঘাতৰ সময়ত ভাৰতৰ ব্ৰাহ্মোজ মিছাইলে বিশেষ তাৎপর্য বহন কৰিছে। এই মিছাইল চীনৰ বাবে হৈ পৰিব পাৰে ভয়াৱহ।

ব্ৰাহ্মোজ মিছাইলৰ নতুন পৰীক্ষণত স্বদেশী বুষ্টাৰ লগোৱাৰ লগতে বিভিন্ন সালসলনি ঘটোৱা হৈছে। এই মিছাইলক ছুপাৰ ব্ৰাহ্মোজ মিছাইল বুলি কৈছে।

ব্ৰাহ্মোজ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন হোৱাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থা ( DRDO )ক অভিনন্দন জ্ঞাপন কৰে।