Local, Vocal, Global

 অসমৰ মহিলা বক্সাৰ লাভলিনা বৰগোঁহাইৰ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে

ডুবাইত কিছু দিন পূৰ্বে অনুষ্ঠিত হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা লাভলিনা বৰগোঁহাইয়ে টকিঅ’ অলিম্পিকত যোগ্যতা কৰিছে।

টকিঅ’ অলিম্পিকত যোগ্যতা অৰ্জন কৰা লাভলিনা বৰগোঁহাই প্ৰথম গৰাকী অসমৰ মহিলা বক্সাৰ হিচাপে বিবেচিত হৈছে। ১৯৯৭ চনৰ ২ অক্টোবৰত গোলাঘাটত জন্ম গ্ৰহণ কৰা সুকন্যা লাভলিনাই কেইবাখনো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰিছে লাভলিনাৰ এই উজ্জ্বল যাত্ৰাত।