Local, Vocal, Global

বোৱাৰীৰ লগত প্ৰেম কৰি ৰঙা ঘৰৰ আলহী হ’ল প্ৰেমীক

বটদ্ৰৱাত প্ৰেম কৰি ৰঙা ঘৰৰ আলহী হল দুই প্ৰেমিক প্ৰেমিকা

বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা।ভেৰভেৰি গাঁৱৰ এগৰাকী এক সন্তানৰ মাতৃয়ে একে গাঁৱৰে মুছলেম উদ্দিনৰ লগত কৰিছিল প্ৰেমৰ সম্পৰ্ক। নিজ স্বামী কৰ্ম-সূত্ৰে বহিঃৰাজ্যত থকা সুযোগ গ্ৰহণ কৰি দুয়োয়ে চলাই আহিছিল এই প্ৰেম কাহিনী।যোৱা ৮নৱেম্বৰ তাৰিখে প্ৰেমিকাৰ ঘৰত কোনো নথকাৰ সুযোগলৈ প্ৰেমিক আহিছিল লগ কৰিবলৈ।

সেই নিশা প্ৰেমিক হালৰ ভাগ্য আছিল বেয়া নিশা প্ৰায় ১১মান বজাত ৰাইজে দুয়োকে কৰায়ত্ব কৰিলে হাতে-লুটে। বহিল ৰাইজমেল ৰাইজমেলত দুয়োয়ে বিয়াপতাৰ প্ৰতিশ্ৰুতি দিলে বুলি স্বামীৰ পৰিয়ালে আমাক জানিব দিয়ে।ইয়াৰ পিছতেই প্ৰেমিকৰ পৰিয়ালে বিয়া পাতিবলৈ অমান্তি হোৱাত স্বামীৰ পৰিয়ালে বটদ্ৰৱা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে উক্ত এজাহাৰৰ ভিত্তিত প্ৰেমিক প্ৰেমিকাক বটদ্ৰৱা আৰক্ষীয়ে কৰায়ত্ব কৰে যদিও এই প্ৰেম কাহিনীয়ে পৰৱৰ্তী সময়ত কেনে ৰূপলয় সেয়া হব লক্ষ্যণীয়।