সম্প্ৰতি সমগ্ৰ বিশ্ব কৰ’না ভাইৰাছৰ গ্ৰাসত। গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনৰ তৰফৰ পৰাই স্থাপন কৰা হৈছে কোৱাৰেন্টীন শিৱিৰৰ। ক’ভিড সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন শিক্ষানুষ্ঠান, হোটেলত স্থাপন কৰা হৈছে কোৱাৰেন্টীন শিৱিৰ। কোৱাৰেন্টীন শিৱিৰবোৰ যাতে সম্পূৰ্ণ পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থাকে তাৰ বাবে নিয়োগ কৰা হৈছে ভালেমান চাফাই কৰ্মী। ক’ভিড যুদ্ধৰ এইসকল সেনানীৰ সেৱাক স্বীকৃতি দিয়াৰ লগতে তেওঁলোকক উৎসাহিত কৰাৰ বাবে বৰপেটাৰোড পৌৰ সভাৰ দ্বাৰা সম্বৰ্ধনা জনায়। বৰপেটাৰোড পৌৰসভা আৰু সৰভোগ পৌৰসভাৰ অন্তৰ্গত কোৱাৰেন্টীন শিৱিৰসমূহৰ চাফাইকৰ্মীক সম্বৰ্ধনা জনায় বৰপেটাৰোড পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত সান্ত্বনা বৰাই।