বৰহোলাত মাৰণাস্ত্ৰসহ এজনক গ্ৰেপ্তাৰ

তিতাবৰ সীমান্তৱৰ্তী নগাবাটত যোৰহাট আৰু বৰহোলা আৰক্ষীয়ে অভিযান চলাই বুবুল চুতীয়া নামৰ এজন ব্যক্তিক অবৈধ মাৰনাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি এক গোপন খবৰৰ ভিত্তিত দেওবাৰে নিশা প্ৰায় ১০.৩০ বজাত যোৰহাট আৰু বৰহোলা আৰক্ষীয়ে নগাবাট মিলনভূমি গাঁৱৰ বুবুল চুতীয়াৰ ঘৰত অভিযান চলাই এটা .২২ বল্ট এক্সন ৰাইফল জব্দ কৰে। ৰাইফলটো বুবুল চুতীয়াই দুজন ব্যক্তিক ১ লাখ টকাত বিক্ৰী কৰিবলৈ যো-জা চলোৱাৰ অৱস্থাতে আৰক্ষীয়ে কৌশলেৰে জালত পেলায়। মাৰনাস্ত্ৰটো ক্ৰয় কৰিবলৈ অহা এজন গোলাঘাট আৰু আনজন নাগালেণ্ডৰ লুঙিডাং বস্তিৰ বুলি জানিব পৰা গৈছে। আৰক্ষীৰ উপস্থিতিৰ উমান পাই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে দুয়ো। ইফালে বুবুল চুতীয়াক আৰক্ষীয়ে মাৰনাস্ত্ৰসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰি ১১০/২০২০নং গোচৰত জে’ললৈ প্ৰেৰণ কৰে।