বঙাইগাঁৱৰ ভূমেশ্বৰ পাহাৰত অঘটন

বঙাইগাঁৱত অঘটন। বঙাইগাঁৱৰ আটুগাঁওস্থিত ৰাজাঠাকুৰ মন্দিৰ সংযোগী ভূমেশ্বৰ পাহাৰত অঘটন। পাহাৰৰ ওপৰ অংশৰ নিজৰাত গাঁ ধুই থকা যুৱক পিচলি বিপজ্জনকভাৱে তললৈ নামি আহে। প্ৰকাণ্ড শিলত ঠেকা খাই থিতাতে যুৱকজনৰ মৃত্যু হয়।মৃত হোৱা যুৱকজনৰ নাম ৰিয়াজুল জান্নাত। বঙাইগাঁও জিলাৰ নানকাৰগাঁৱত ঘৰ মৃত্যু হোৱা ৰিয়াজুল জান্নাতৰ।
এই ঘটনাত আলতাপ আলি নামৰ আন এজন যুৱক আহত হয়। উল্লেখ্য যে ৰাজাঠাকুৰ পূজা সমিতিয়ে সাম্প্ৰতিক ক’ৰনা সংক্ৰান্তীয় পৰিস্থিতি আৰু বিপজ্জনক স্থানৰ বাবে উক্ত স্থানত প্ৰৱেশত বাধা কৰি জাননী জাৰি কৰিছিল যদিও পূজা সমিতিৰ বাধাক আওকাণ কৰি দৈনিক শ-শ লোক সমবেত হয় উক্ত নিজৰাত গা ধুবলৈ গৈছিল। যাৰ ফলত আজি এই শোকাৱহ ঘটনা সংঘটিত হয় বুলি পূজা সমিতিয়ে সদৰি কৰিছে।