Local, Vocal, Global

মুম্বাইৰ এখন আগশাৰী হোটেলক বোমাৰ ভাবুকি

নিউজ ডেস্ক, ২৩ আগষ্ট : ২৬/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে আন এক আক্ৰমণৰ জল্পনা-কল্পনাৰ মাজতে মুম্বাইৰ এখন আগশাৰী হোটেলে মঙলবাৰে বোমাৰ ভাবুকিৰ ফোন পাইছে।

মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি, এজন অচিনাক্ত ব্যক্তিয়ে হোটেলখনলৈ ফোন কৰিছিল আৰু হোটেল চৌহদৰ ভিতৰত চাৰিটা স্থানত বোমা ৰখাৰ সতৰ্কবাণী দিছিল।

আৰক্ষীয়ে কয় যে ব্যক্তিজনে বোমাবোৰ নিষ্ক্ৰিয় কৰাৰ বাবে ৫ কোটি টকাও দাবী কৰিছিল।

ইফালে, ভাৰতীয় দণ্ডবিধিৰ (Indian Penal Code , IPC) ৩৩৬, ৫০৭ ধাৰাৰ অধীনত চাহাৰ (Sahar) আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল।

অৱশ্যে, হোটেলখনৰ নাম বৰ্তমানেও জানিব পৰা হোৱা নাই।