Local, Vocal, Global

জমদুতৰূপী বিদ্যুৎ পৰিবাহী তাঁৰ

বিদ্যুৎপৃষ্ঠ হৈ বকলীয়াত এজনৰ মৃত্যু ৷

শুকুৰবাৰে বিয়লি বকলীয়াঘাট ২ নং ওদালীত বিশ্ব দাস নামৰ এজন যুৱক বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু মুখত পৰে ৷ ২ নং ওদালীৰ খেতি কৰা যুৱকজনে বিয়লি পথাৰৰ পৰা আহোতেই সংঘটিত হয় এই ঘটনা ৷ ঘটনাতো কেনেকৈ সংঘটিত হ’ল সেই কথা সম্প্ৰতি অজ্ঞাত ৷ ইতিমধ্যে মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে বকলীয়াঘাট আৰক্ষীয়ে ডিফুলৈ প্ৰেৰণৰ কৰিছে ৷