Local, Vocal, Global

বোকাজান পৌৰসভা এলেকাত এসপ্তাহৰ বাবে লকডাউন প্ৰৱৰ্তন

62

বোকাজানত প্ৰতিদিনে ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত লোকৰ সংখ্যা। মহামাৰী ক’ভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে বোকাজান পৌৰসভাই আজি পুৱা ৬ বজাৰ পৰা ১০ জুলাই পুৱা ৬ বজালৈ এসপ্তাহৰ বাবে প্ৰৱৰ্তন কৰিছে সাপ্তাহিক লকডাউন। পৌৰসভা এলেকাৰ অধীনৰ সকলোবোৰ দোকান-পোহাৰৰ লগতে বজাৰ বন্ধ ঘোষণা কৰিছে। বৰ্তমানলৈকে বোকাজান মহকুমাত ৯০ গৰাকীতকৈ অধিক লোকৰ দেহত ক’ভিড পজিটিভ আক্ৰান্ত হোৱাৰ বিপৰীতে বোকাজান নগৰ অঞ্চলত ২৫ গৰাকীতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে। কৰ’নাৰ গণ সংক্ৰমন ৰোধৰ বাবে বোকাজান পৌৰসভাই ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে যাতায়তৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা আৰোপ কৰা নাই বোকাজান পৌৰসভাই।