মহানগৰীৰ চান্দমাৰীত মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক, ২৮ মে’- শনিবাৰে গুৱাহাটীৰ চান্দমাৰী অঞ্চলৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
খবৰ অনুসৰি, যুৱকজনৰ মৃতদেহটো নাক আৰু মুখৰ পৰা ফেন ওলাই থকা অৱস্থাত পোৱা গৈছিল।
মৃতকৰ পৰিচয় এতিয়াও জনা হোৱা নাই।
চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান (এইআই) চৌহদৰ ওচৰত উদ্ধাৰ হৈছে মৃতদেহটো।
স্থানীয় একাংশই ড্ৰাগছ আসক্ত হৈয়ে যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।
ঘটনাস্থলীত চান্দমাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।