Local, Vocal, Global

বশিষ্ঠৰ জিলা পৰিবহন কাৰ্যালয়ৰ সমীপৰ নলাত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৬ জুন : সোমবাৰে বিয়লি গুৱাহাটীৰ বশিষ্ঠ (Basistha) অঞ্চলত এজন অচিনাক্ত যুৱকৰ এটা মৃতদেহ উদ্ধাৰ হয়। গুৱাহাটীৰ জিলা পৰিবহন কাৰ্যালয়ৰ সমীপৰ নলাৰ পৰা উদ্ধাৰ হয় মৃতদেহটো।

মৃতদেহটোক কেন্দ্ৰ কৰি স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

আনহাতে, ঘটনাৰ কথা জানিব পাৰি ঘটনাস্থলত উপস্থিত হয় স্থানীয় আৰক্ষী। আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত যুৱকজনক হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে যদিও তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ (GMCH) প্ৰেৰণ কৰা হৈছে।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিব দিয়ে।