দলঙৰ পৰা নৈত পেলাই দিয়া অন্তঃসত্ত্বা কাশ্মীৰা খাতুনৰ মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক: অন্তঃসত্ত্বা পত্নীক নৈত পেলাই দিছিল দস্যূ স্বামীয়ে৷ দুৰ্ভগীয়া কাশ্মীৰা খাতুনৰ আজি ডুমডুমা নৈত মৃতদেহ উদ্ধাৰ হয়।
দস্যূ স্বা শ্বাহবাজ আলীৰ বিৰুদ্ধে পত্নী হত্যাৰ অভিযোগ উত্থাপিত হৈছিল৷ শ্বাহবাজ আলীয়ে কাশ্মীৰাক ডুমডুমা নৈত আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল৷
আজি পুৱা নৈত ওপঙি উঠে কাশ্মীৰা খাতুনৰ মৃতদেহ। তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰৰ মাজমজিয়াৰ ডুমডুমা নৈৰ দলঙৰ পৰা পেলাই দিছিল শ্বাহবাজ আলীয়ে। ডুমডুমা ৰূপাই চাইডিং প্ৰভাত চাহ বাগিচাৰ গৰুমৰা লাইনৰ শ্বাহবাজ মহম্মদেৰ সৈতে ১৬ মে’ত ডুমডুমা শংকৰদেৱ নগৰৰ কাশ্মীৰি খাতুনৰৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু ৬ আগষ্টৰ মাজনিশাৰ পৰা কাশ্মীৰা সন্ধানহীন হয়। সন্ধানহীনৰ ঘটনা সম্পৰ্কে স্বামীৰ লগতে কাশ্মীৰাৰ পৰিয়ালৰ লোকে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু ৮ আগষ্টত স্বামী শ্বেহবাজে পত্নীক নিশা ১২ বজাত ডুমডুমা নদীৰ দলঙলৈ নি হত্যা কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰে। ইয়াৰ পাছতেই ডুমডুমাত চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী স্বামী শ্বাহবাজক কৰায়ত্ব কৰি হত্যাকাৰী স্বামীক লগত লৈ ঘটনাস্থলীত অপৰাধৰ ঘটনাক পুনৰ দৃশ্যায়ন কৰিছিল৷