একেটা পৰিয়ালৰ দুটা সন্তানসহ ছয়জন সদস্যৰ মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক, ২৬ আগষ্ট : হাৰিয়ানাৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আম্বালাৰ (Ambala) বালানা গাঁৱত এটা ছয়জনীয়া পৰিয়ালৰ সকলো সদস্যক মৃত অৱস্থাত পোৱা গৈছে।
যোৱা নিশা একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ কেইঘণ্টামান পিছত ৰাতিপুৱা ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ পৰিয়ালটোৰ।
বিষয়াসকলে কৈছিল যে তেওঁলোকে ঘটনাস্থলীৰ পৰা এখন চুইচাইড নোট উদ্ধাৰ কৰিছে।
পৰিয়ালটোত আছিল সঙ্গত ৰাম (৬৫), সুখবিন্দৰ সিং (৩৪), মহিন্দ্ৰা কৌৰ (সংগত ৰামৰ পত্নী), ৰীনা (সুখবিন্দৰ সিঙৰ পত্নী)।
তদুপৰি, পৰিয়ালটোৰ শিশু দুটাকো মৃত অৱস্থাত পোৱা গৈছিল। তেওঁলোকক সুখবিন্দৰ সিঙৰ কন্যা আশু (৫) আৰু জাচী (৭) বুলি চিনাক্ত কৰা হৈছিল।
আম্বালাৰ উপ আৰক্ষী অধীক্ষক যোগিন্দৰ শৰ্মাই কয়, “একেটা পৰিয়ালৰ দুটা সন্তানসহ ছয়জন সদস্যমৃত অৱস্থাত পোৱা গৈছে। ঘটনাস্থলীলৈ এটা অপৰাধ দল পঠিওৱা হৈছে। এখন চুইচাইড নোট উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী অনুসন্ধান চলি আছে।”