কলা চশমাই ভাঙিলে এখন বিয়া
এইয়া কেনেকুৱা কথা চশমা বিয়া কেনেকৈ ভাঙিব পাৰে । হয় ঠিকে আজৱ দেশৰ আজৱ কাহিনী ।
দৰা কলা চশমা পিন্ধি বিয়া কৰাব গল তাৰপিছত ঘটিল এই অঘটন । দৰা যেতিয়া চশমা পিন্ধি বিয়া কৰিব গল তেতিয়া কইনা ঘৰৰ সকলোৱে আচৰিত হ’ল আৰু আচৰিত হোৱাৰ কথায়ে । এই ঘটনা উত্তৰ প্ৰদেশৰ ।
অৰ্চনা নামৰ এজনী ছোৱালীয়ে নিজৰ বিয়া নিজে ভাঙি দিব লগা হল । দৰা কলা চশমা পৰিধান কৰা দেখি কইনাই ভাবিলে এইয়া কি,কলা চশমা আচলতে অন্ধ ব্যক্তি পৰিধান কৰা দেখা পাওঁ কিন্তু মোৰ হব লগা স্বামীয়ে কিয় পিন্ধিছে ।
মনত এনে নানাধৰণৰ প্ৰশ্ন উদয় হোৱাৰ ফলত দৰাক বাতৰি কাকত পঢ়িব দিলে কিন্তু বেছেৰা দৰা চশমা খুলি পঢ়িব নোৱাৰিলে আৰু লগে লগে কইনাই বিয়া ভংগ কৰি দিলে । কইনাজনি লগতে বিয়াৰ নামত হোৱা সকলো লোকচান আদায় দিবলৈ জনালে । ইতিমধ্যে পুলিচক এই বিষয়য়ে এখন এজাহাৰ দাখিল কৰে ।