বিজেপি নেত্ৰী তথা অভিনেত্ৰী সোনালী ফোগাটৰ দেহাৱসান
নিউজ ডেস্ক, ২৩ আগষ্ট : হাৰিয়ানাৰ হিছাৰৰ (Hisar) বিজেপি নেতা তথা অভিনেত্ৰী সোনালী ফোগাটৰ ( Sonali Phogat) গোৱাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
হাৰিয়ানা বিজেপিৰ মুৰব্বী অ’ পি ধনকাৰে (O P Dhankar) সংবাদ মাধ্যমক জানিব দিয়ে যে “তেওঁৰ মৃত্যু হৈছে। মোক তথ্য দিয়া হৈছে যে তেওঁ গোৱাত আছিল,”।
অৱশ্যে, তেওঁ কেতিয়া মৰিছিল সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাছিল।
টিকটকৰ (TikTok) এগৰাকী প্ৰাক্তন তাৰকা, ফোগাটে ২০১৯ চনত বিজেপিত যোগদান কৰিছিল।
হিছাৰ বিজেপিৰ জিলা সভাপতি কেপ্তেইন ভূপেন্দৰে কয়, “সোণালীজী গোৱাত আছিল। মই তেওঁৰ সহায়কৰ সৈতে কথা পাতিছিলো আৰু তেওঁ কৈছিল যে সোণালীজী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল।”
ফোগাটে কুলদীপ বিষ্ণোইৰ বিৰুদ্ধে আদমপুৰ বিধানসভা সমষ্টিৰ পৰা যোৱা বিধানসভা নিৰ্বাচনত অসফলভাৱে প্ৰতিদ্বন্দিতা কৰিছিল।
সেই সময়ত কংগ্ৰেছত থকা বিষ্ণোই অলপতে বিজেপিত যোগদান কৰিছে।