পাঁচ ৰাজ্যৰ নির্বাচনক লৈ আগ্রাসী বিজেপি
ক’ভিড–১৯ মহামাৰীৰ পাছত দেওবাৰে দিল্লীত অনুষ্ঠিত বিজেপিৰ প্রথমখন ৰাষ্ট্রীয় কার্যনির্বাহকৰ বৈঠকত আগন্তুক পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রস্তুতিৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে ৷ এই বৈঠক একপ্রকাৰ আগন্তুক বিধানসভা নির্বাচনৰ বাবে বিজেপিৰ ৰণকৌশল প্রস্তুতৰ বৈঠক হিচাপে চিহ্ণিত হয় ৷ য’ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিধানসভা নির্বাচনৰ পূর্বে দলীয় কর্মকতাসকলক তৎপৰ হ’বলৈ আহ্বান জনাইছে ৷ লক্ষণীয়ভাৱে উত্তৰ প্রদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত হ’বলগীয়া বিধানসভা নির্বাচনক লৈ ইতিমধ্যে বিভিন্ন দলৰ মাজত আৰম্ভ হৈছে তৎপৰতা ৷ এইক্ষেত্রত বিজেপি অধিক আগ্রাসী হৈ পৰিছে ৷ কাৰণ একমাত্র পঞ্জাবৰ বাহিৰে আন চাৰিওখন ৰাজ্যতে ক্ষমতাত আছে বিজেপি ৷ গতিকে সকলো ধৰণৰ প্রত্যাহ্বান শাসকীয় দল হিচাপে বিজেপিয়ে গ্রহণ কৰিবলগীয়া হ’ব পাৰে ৷ গতিকে নির্বাচনৰ বাবে এতিয়া দলীয় নেতা তথা কর্মীসকলে সন্মিলিতভাৱে সাজু হোৱাৰ সময় ৷
প্রধানমন্ত্রী মোদীৰ বক্তব্যত সেই কথাৰেই অনুৰণন ঘটিছে৷ স্মর্তব্য যে আজিৰ ৰাষ্ট্রীয় কার্যনির্বাহক বৈঠকতে বিজেপিয়ে আগন্তুক পঞ্জাব বিধানসভা নির্বাচনত ৰাজ্যখনৰ প্রতিটো সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নির্বাচনৰ বিষয়টোত নজৰ ৰাখি পাঁচখন ৰাজ্যৰ জনসাধাৰণৰ সৈতে দলীয় কর্মকর্তাসকলক সম্পর্ক স্থাপন কৰাৰ আহ্বান জনাইছে ৷ সর্বসাধাৰণ ৰাইজৰ সৈতে সম্পর্ক স্থাপন কৰি নির্বাচনত বিজয়ৰ পৰিৱেশ সৃষ্টি কৰাৰ এয়া সময় বুলিও একপ্রকাৰ ইংগিত দিছে প্রধানমন্ত্রীগৰাকীয়্ ৷ বিজেপি এক পৰিয়ালকেন্দ্রিক ৰাজনৈতিক দল নহয় বুলি উল্লেখ কৰি সকলোকে ভিন্নতা এৰি ঐক্যবদ্ধভাৱে দলীয় স্বার্থৰ বাবে যুঁজ দিবলৈ আহ্বান জনাইছে মোদীয়ে ৷
উল্লেখনীয় যে ভার্চুৱেলীৰে অনুষ্ঠিত ৰ এই গুৰুত্বপূর্ণ বৈঠকত বিজেপিশাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্রীসকলে অংশগ্রহণ কৰে৷ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে সোঁশৰীৰে উপস্থিত থাকে এই বৈঠকত ৷
লক্ষণীয়ভাৱে কংগ্রেছশাসিত পঞ্জাবক লৈ এই বৈঠকত বিশেষভাৱে চর্চা কৰা হয়৷ ৰাজ্যখনত আগন্তুক বিধানসভা নির্বাচনত দলৰ বিজয় নিশ্চিত কৰিবলৈ পঞ্জাব বিজেপি গোটৰ মুৰব্বী অশ্বানী শর্মাক বিশেষভাৱে তৎপৰতা গ্রহণ কৰিবলৈ জ্যেষ্ঠ কেন্দ্রীয় নেতাসকলে আহ্বান জনায় ৷ শর্মাই বৈঠকৰ পাছত ঘোষণা কৰে যে অহা বছৰ হ’বলগীয়া পঞ্জাব বিধানসভা নির্বাচনত ১১৭টা সমষ্টিৰ আটাইকেইটাতেই প্রার্থী প্রক্ষেপ কৰিব ৷