Local, Vocal, Global

Watch | Bishwanath News: বিশ্বনাথত কৃষি সংকল্প অভিযান ৰূপায়ণ সভা অনুষ্ঠিত

বিশ্বনাথ: আজি বিশ্বনাথৰ বালিচাং পঞ্চায়তত বিকশিত কৃষি সংকল্প অভিযান সভা অনুষ্ঠিত৷ কৃষি বিজ্ঞান শোণিতপুৰৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাট ভাৰতীয় কৃষি গবেষণা পৰিষদ কৃষি বিভাগ শোণিতপুৰ ,পশুপালন আৰু পশু চিকিৎসা বিভাগ ,দুগ্ধ উন্নয়ন বিভাগ ,মৎস্য পালন বিভাগ ,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকাৰ সহযোগত বিকশিত কৃষি সংকল্প আচঁনিৰ ৰূপায়ণ কৰা হয়৷

আধুনিক প্ৰযুক্তিৰ দ্বাৰা কৃষক সকলক অধিক লাভাম্বিত কৰাৰ উদ্দেশ্য এই আচঁনি ৰূপায়ণ কৰে ৷৭ খন গাৱঁৰ ১৫ হাজাৰ কৃষকক গৈ আচঁনিৰ অন্তভুৰ্ক্ত কৰা হৈছে৷ এই আচঁনিৰ দ্বাৰা কৃষকসকলে কৃষিৰ উপৰিও পশুপালন,মীনপালন আদি সুবিধা বিনামূলীয়াকৈ লাভ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ।

কাৰ্যসূচীত বিশ্বনাথ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে ,বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ডীন ৰনেন্দ্ৰ নাথ বৰ্মন, জিলা কৃষি বিষয়া বাণেশ্বৰ বে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডা°অংগনা শৰ্মাৰ লগতে কৃষকসকল উপস্থিত থাকে৷