Local, Vocal, Global

দেশৰ ৫ ৰাজ্যত বার্ড ফ্লুৰ সতর্কতা

দেশৰ ৫ ৰাজ্যত বার্ড ফ্লুৱে ভয়াৱহ পৰিস্থিতি কঢ়িয়াই অনাৰ আশংকা ঘনীভূত হৈছে৷ মধ্য প্রদেশ, ৰাজস্থান, হিমাচল প্রদেশ আৰু হাৰিয়ানাত ৰহস্যজনকভাৱে বহু পক্ষীৰ মৃত্যু হোৱা ঘটনাৰ পিছতে এই পক্ষীবোৰৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত গৱেষণাগাৰত চলাই থকা হৈছে বিভিন্ন পৰীক্ষা৷ শেহতীয়াকৈ কেৰালাৰ কেইবাখনো জিলাত বার্ড ফ্লুৰ বাবে জাৰি কৰা হৈছে হাই এলার্ট৷ কট্টায়াম আৰু আলাপুজা জিলাত বার্ড ফ্লুৰ উপস্থিতি মৃত পক্ষীৰ দেহত ধৰা পৰাৰ লগে লগে ৫০ হাজাৰ হাঁহ পুতি পেলোৱাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷

বেছিভাগ পক্ষীয়েই বার্ড ফ্লুত মৃত্যু হোৱা বুলি সদৰী কৰিছে পশু চিকিৎসা বিভাগে৷