আপোনাৰ হেৰাই যোৱা বাইক খন বিচাৰি আছে নেকি ? তেন্তে এবাৰ দুধনৈ থানাত খবৰ লওক
আপোনাৰ হেৰাই যোৱা বাইক খন বিচাৰি আছে নেকি ? তেন্তে এবাৰ দুধনৈ থানাত খবৰ লওক
গোৱালপাৰা জিলাৰ দুধনৈত থানাত ভৰ্তি হৈ আছে চুৰি হোৱা বাইক । প্ৰায় ৬০খনৰো অধিক চুৰি বাইক উদ্ধাৰ হৈছে । দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত চলা অভিযানত চুৰি হোৱা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । বুলেট, পালছাৰ, আপাচি, গ্লেমাৰকে ধৰি সকলো ধৰণৰ বাইকেৰে ভৰি পৰিছে দুধনৈ থানাৰ চৌহদ ৷ বৃহৎ আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ গেং এটা উৎখাত কৰাৰ পিছতে চুৰি বাইকৰ যেন মাছৰ দৰে উজান উঠিছে দুধনৈ থানা চৌহদ ৷ এই বাইকসমূহ গোৱালপাৰাৰ বিভিন্ন প্ৰান্তৰ লগতে ,মেঘালয়, মানকাচাৰ, জলেশ্বৰ, লক্ষীপুৰ, কৃষ্ণাই আদিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ।
ইতিমধ্যে দুই এখন বাইকৰ মালিকে লাভ কৰিছে নিজৰ হেৰাই যোৱা অতি মৰম বাইকখন ।
আপুনিও এবাৰ খবৰ কৰিব কি ঠিক আপোনাৰ কষ্ট উপাৰ্জন কৰি কিনা বাইকখন আপোনাৰ কপালত আকৌ এবাৰ ঘূৰি আহিব পাৰে ।