Local, Vocal, Global

যাযাবৰক সোঁৱৰি ……….

ভূপেন হাজৰিকাৰ আত্মজীৱনী ‘মই এটি যাযাবৰ’ৰ প্রথম পৃষ্ঠাতেই তেখেতে লিখা কথাখিনিয়ে প্রতিপলতে হূদয়ত অলেখ ভাবনাৰ কল্লোলৰ সৃষ্টি কৰে ৷ তেখেতে লিখিছে– ‘মোৰ নিজৰ জীৱনটোলৈ নিজে উভতি চালে, শেষ নোহোৱা সপোন সপোন যেন লাগে ৷ কিন্তু ঈশ্বৰক যেন মই ক’ব পাৰোঁ– মই কি নকৰিলোঁ, কি কৰিবলৈ আৰু বাকী থাকিল– তাৰ বাবে যেন আক্ষেপ নাথাকে ৷ কি কৰিলোঁ– তাৰ বাবেও ভাবিবলৈ নাই, আক্ষেপো নাই৷– কালিৰ ভুলে, সংকটবিলাকে– ‘অর্থাৎ সংঘাতে আনে মোৰ প্রশান্ত সাগৰত প্রগতিৰ নতুন দিগন্ত ৷’ মর্মে মর্মে উপলব্ধি কৰোঁ যে ভূপেন হাজৰিকা কোমল মনৰ মৰম আকলুৱা বিশাল প্রতিভাৰ অধিকাৰী ব্যক্তি ৷ ভূপেন হাজৰিকাৰ কর্মলানিৰ মমার্থ পিছলৈ অনুভৱ কৰি আক্ষেপ জন্মিছিল ৷ সমন্বয়ৰ সেতু গঢ়িবলৈ অহোপুৰুষার্থ কৰা বিশাল হূদয়ৰ ভূপেন হাজৰিকাক হয়তো উপযুক্ত সময়ত উপযুক্ত সন্মান যাচিবলৈ অসমীয়াই কৃপণালি কৰিছিল ৷ প্রতিটো সূর্যোদয় জীৱনৰ আৰম্ভণি, সূর্যাস্ত হৈছে জীৱনৰ শেষ৷ এই কম সময়ৰ ভিতৰতে ড০ ভূপেন হাজৰিকায়ো নিজৰ বাবে জ্ঞান আৰু শক্তি আহৰণ কৰাৰ উপৰি পৰোপকাৰী কামৰ খতিয়ান ৰাখি থৈ গৈছে৷ বিশ্বমুখী সংস্কাৰী মনৰ গৰাকী ভূপেন হাজৰিকাই অসমৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতবর্ষৰ সৈতে বিভিন্ন দেশৰ সমন্বয়ৰ সেতু গঢ়িবলৈ প্রয়াস কৰিছিল ৷ যিবোৰ মহৎ আদর্শপূর্ণ কথা আমাৰ বহুতে উপলব্ধি কৰিব নোৱাৰি ভূপেন হাজৰিকাক বিভিন্ন সময়ত সমালোচনাৰে থকা–সৰকা কৰা দেখিছিলোঁ ৷ সেইবোৰ দুখ আজিও হূদয়ৰ পৰা মচ খোৱা নাই ৷ ভূপেন হাজৰিকাৰ দ্বাৰা সম্পাদিত বিশাল কর্মৰাজিৰ বহু অংশ সংৰক্ষণ, যত্ন কিম্বা অসাৱধানতাৰ বাবে পূর্ণৰূপত আজিও জনসমাজত প্রচাৰিত হোৱা নাই ৷ তৎসত্ত্বেও ব্যতিক্রমী চিন্তাশক্তিৰ অধিকাৰী ভূপেন হাজৰিকাক লৈ অসমবাসীয়ে সদায়ে গৌৰৱ কৰি থাকিব পাৰিব বুলি নিশ্চিতভাৱে ক’ব পাৰো ৷

২০১১ চনৰ ৫ নৱেম্বৰ তাৰিখে এইজনা সমন্বয়ৰ সাধকে আমাৰ পৰা চিৰবিদায় লৈছিল ৷ আজি ২০২১ চনৰ ৫ নৱেম্বৰ তাৰিখে ভূপেন হাজৰিকাদেৱৰ দশম বার্ষিক মৃত্যু দিৱসত তেখেতলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছো ……..