মাজুলী উপনিৰ্বাচনৰ প্ৰচাৰত একেলগে নামিল ভূপেন বৰা, লুৰিণজ্যোতি গগৈ

নিউজ ডেস্ক, ২৬ ফ্ৰেব্ৰুৱাৰীঃ সমাগত পৌৰসভা নিৰ্বাচন। মাজুলীত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ সমৰ্থনত প্ৰচাৰ অভিযান তুংগত উঠিছে। আজি মাজুলীৰ নয়া বজাৰ এলেকাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, কংগ্ৰেছৰ সাংসদ ৰাণী নৰহে প্ৰতিদ্বন্দী প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক লৈ বিশাল প্ৰচাৰ সভা, সমদলত অংশগ্ৰহণ কৰে।