Local, Vocal, Global

স্বাধীনতা দিৱসৰ সুযোগত অসম-অৰুণাচল সীমান্তত সুৰাৰ মুকলি বেহা

স্বাধীনতা দিৱস উদযাপনৰ আলম লৈ সুৰাৰ মুক্ত বেহা। দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ দিনাই তেজপুৰৰ সীমান্ত অঞ্চলত একাংশ ব্যস্ত মুকলিকৈ সুৰা সেৱনত। শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ ভালুকপুঙৰ বাৰ মাইলত স্বাধীনতা দিৱস উদযাপনৰ নামত একাংশৰ চৰম উদ্ভান্দালি । বাৰ মাইলত ৰাস্তাৰ কাষে কাষে বহিছে মদৰ দোকান | সাপ্তাহিক লকডাউন শিথিল কৰাৰ সুযোগ লৈ একাংশই মুক্ত বেহা চলাইছে সুৰাৰ । উল্লেখ্য যে স্বাধীনতা দিৱসত একাংশই বাৰমাইলৰ জীয়া ভৰলী নৈৰ কাষত বনভোজৰ আমোদ তথা অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ লোকে অৱসৰ বিনোদনৰ বাবে যোৱাৰ সুযোগ লৈ একাংশই মেলিছে সুৰাৰ মুকলি বজাৰ  কিন্তু তাৰপিছতো স্থানীয় প্ৰশাসনৰ কাণষাৰ নাই  বুলি অভিযোগ সচেতন নাগৰিকৰ |