BBCৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান সাংবাদিক-সংবাদকৰ্মীৰ মোবাইল ফোন জব্দ

দিল্লী আৰু মুম্বাইৰ ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচন (BBC)ৰ কাৰ্যালয়ত আজি অতৰ্কিতে অভিযান চলায় আয়কৰ বিভাগে। তথ্য অনুসৰি আজি দুপৰীয়াৰ ভাগত বিবিচিৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত আয়কৰ বিভাগৰ লোক হঠাত উপস্থিত হয় আৰু কাৰ্যালয়টোত সেই সময়ত উপস্থিত থকা সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ মোবাইল ফোনসমূহ জব্দ কৰে আৰু তেওঁলোকক তালাচী চলায়।
প্ৰথমাৱস্থাত আয়কৰ বিভাগৰ এই অভিযান অকল বিবিচিৰ দিল্লীস্থ কাৰ্যালয়ত চলা বুলি অনুমান কৰা হৈছিল যদিও আয়কৰ বিভাগৰ এই অভিযান বিবিচিৰ মুম্বাইস্থ কাৰ্যালয়তো চলা বুলি নিশ্চিত হয়। উল্লেখ্য যে কেইসপ্তাহমান পূৰ্বে বিবিচিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত এক তথ্যচিত্ৰ সম্প্ৰচাৰ কৰিছিল। ‘ইণ্ডিয়া-দ্য মোদী কুৱেচন’ শীৰ্ষক এই তথ্যচিত্ৰখনৰ বিৰুদ্ধে বিজেপিয়ে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।
গুজৰাট আৰু বোদ্ৰাৰ সাম্প্ৰদায়িকী ৰাজনীতিৰ ওপৰত নিৰ্মাণ কৰা এই তথ্যচিত্ৰখনে বিশ্ববাসীৰ সন্মুখত মোদীৰ ভাৱমূৰ্তি ম্লান কৰা বুলি বিজেপিয়ে অভিযোগ আনিছিল। বিবিচি আৰু বিজেপিৰ এই বিতৰ্কৰ মাজতে মঙলবাৰে আয়কৰ বিভাগে চলোৱা এই অভিযানে বিশেষ তাৎপৰ্য বহন কৰিছে। আয়কৰ বিভাগৰ তথ্য অনুসৰি সংবাদ গোষ্ঠীটোৰ ভাৰতত ব্যৱসায় আৰু আয়কৰ সম্পৰ্কীয় তথ্যৰ বাবে এই অভিযান চলোৱা হৈছে।