Local, Vocal, Global

বাক্সাৰ শালবাৰীৰ  সংঘটিত গুলীচালনাৰ ঘটনা

বাক্সাৰ শালবাৰীত  সংঘটিত গুলীচালনাৰ ঘটনা ।পৰিয়ালৰ সৈতে টিভি চাই থকা অৱস্থাত দুৰ্বৃত্তই ঘৰৰ বাহিৰৰ পৰা গুলিয়ালে প্ৰাণজিৎ দাস নামৰ এজনক l ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে পইন্ট ৩.২  পিষ্টলৰ গুলীৰ বুলেট। মূৰত আঘাত পোৱা লোকগৰাকী সম্প্ৰতি বিপদমুক্ত বুলি জানিব পৰা গৈছে। বিটিএডিত নিৰ্বাচন সমাগত আৰু এনে সময়ত গুলীচালনাৰ ঘটনাই বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশাই ঘটনাস্থলীত সাংসদ নৱ কুমাৰ শৰণীয়া উপস্থিত হৈ ঘটনাৰ তদন্ত দাবী কৰে । লগতে অবড়ো সুৰক্ষা সমিতিয়েও ঘটনাৰ তদন্ত দাবী কৰে।