Local, Vocal, Global

ঘিলামৰাত বৰমুগা নিধন,অবিবেচকী ব্যক্তিয়ে বৰমুগা পালনকাৰীৰ জনজীৱনলৈ কঢ়িয়াই আনিলে ভাবুকি

নিউজ ডেস্ক ,৫ মে:-ঢকুৱাখনা মহকুমাৰ বৰমুগাৰ প্ৰাণ প্ৰাচুৰ্য ক্ষেত্ৰ হিচাবে পৰিচিত বৰমুগা পালনৰ ক্ষেত্ৰত নিষিদ্ধ কৰে বিষাক্ত ৰাসায়নিক কীটনাশক প্ৰয়োগে প্ৰবল সংকট মাতি আনিছে জনজীৱন আৰু মুগাপালক সকললৈ।

বৃহস্পতি বাৰে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত এগৰাকী চহা মুগা পালকৰ গৰিষ্ঠ সংখ্যক জেঠুৱা বৰমুগাৰ অপমৃত্যু ঘটে । ইয়াৰ কাৰণ স্বৰূপে অনিয়ন্ত্ৰিত আৰু অবৈজ্ঞানীক পদ্ধতিৰে বিষাক্ত ৰাসায়নিক কীটনাশক আৰু অপতৃণ নাশক প্ৰয়োগ ।

উল্লেখ্য যে, ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ গাঁওৰ মুগা পালক ৰমা দিহিঙীয়াই নিজৰ প্ৰায় দুই বিঘা মাটি কালিত অৱস্থিত চুমনিত জেঠুৱা বৰমুগাৰ বৰমুগা খেতি কৰিছিল ।

বৃহস্পতি বাৰে পুৱা ৰাজীৱ দিহিঙীয়া নামৰ ব্যক্তিগৰাকীয়ে পৰিকল্পিত আৰু ইচ্ছাকৃত ভাবে নিষিদ্ধ বিষাক্ত কীটনাশক প্ৰয়োগ কৰি চুমনিত থকা কেইবা সহস্ৰাধিক বৰমুগা নিধন কৰে ।

মুগা পালক ৰমা দিহিঙীয়াই অবিবেচকী ব্যক্তি ৰাজীৱ দিহিঙীয়াৰ এনে অপকৰ্মৰ কথা গম পায় ৰাজীৱ দিহিঙীয়াৰ বিৰুদ্ধে ঘিলামৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।

বিবেকহীন দিহিঙীয়াৰ এনে কুকাণ্ডই পাৰিপাৰ্শ্বিক পৰিবেশ প্ৰদূষিত কৰি নিষিদ্ধ ৰাসায়নিক কীটনাশক গ্লাইছিল , ৰাউণ্ড আপ আদি প্ৰয়োগ কৰি মহকুমাটোত জনজীৱন আৰু পাৰিপাৰ্শ্বিক পৰিবেশৰ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে ।

এই ক্ষেত্ৰত মহকুমা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত সময়ত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাটো নিশ্চিত হৈ পৰিছে ।