ৰাহুল গান্ধীক নাৰ্ভাছ নেতা আখ্যা অ’বামাৰ, সঞ্জয় ৰাৱটৰ প্ৰতিক্ৰিয়া

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক অ’বামাৰ ”এ প্ৰমিচ লেণ্ড” নামৰ কিতাপখনত কংগ্ৰেছৰ পূৰ্বৰ অধক্ষ্য ৰাহুল গান্ধীক ”নাৰ্ভাছ নেতা” বুলি লিখা সন্দৰ্ভত দেশৰ ৰাজনীতিত বিভিন্ন চৰ্চা হোৱা দেখা গৈছে। বাৰাক অ’বামাই লিখিছিল যে- ”তেওঁ এজন এনেকুৱা শিক্ষাৰ্থী যিয়ে নিজৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে আৰু শিক্ষকক মুগ্ধ কৰিবলৈ সচেষ্ট কিন্তু বিষয়বোৰ আয়ত্ত কৰাৰ বাবে তেওঁৰ যোগ্যতা নাই বা চেষ্টা নাই ।”
ইয়াৰ পিছতে বিভিন্নজনে এই প্ৰসংগত বিভিন্ন মত প্ৰকাশ কৰিছে। শিৱ সেনাৰ নেতা সঞ্জয় ৰাৱটে কয় – ‘এজন বিদেশী ৰাজনৈতিক নেতাই ভাৰতীয় নেতাক এনেদৰে সমালোচনা কৰাৰ অধিকাৰ নাই। আমি এনেকৈ ক’ব নোৱাৰো যে ট্ৰাম্প পাগল। অ’বামাই আমাৰ দেশৰ কথা কিমান জানে?’ আনহাতে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিংহই কয়- ৰাহুল গান্ধীয়ে এতিয়া নিজ দেশৰ উপৰিও বিদেশতো আমাক অপমানিত কৰিছে।
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই তেওঁৰ গ্ৰন্থ ‘এ প্ৰমিচ লেণ্ড’ত ভাৰতৰ আন আন ৰাজনৈতিক নেতাৰ লগতে ৰাহুল গান্ধীৰ সম্পৰ্কেও এক মন্তব্য প্ৰকাশ কৰিছিল। ৰাহুল গান্ধীক এজন নাৰ্ভাছ নেতা বুলি উল্লেখ কৰিছিল৷ তাৰ পিছতে এই লৈ বিশেষ আলোচনা চলিছে ভাৰতত।