Local, Vocal, Global

দুৰ্নীতিৰ গোচৰত ১১ বছৰ কাৰাদণ্ড বাংলাদেশৰ প্ৰথমগৰাকী হিন্দু মুখ্য ন্যায়াধীশৰ

বাংলাদেশৰ প্ৰথমগৰাকী হিন্দু মুখ্য ন্যায়াধীশ সুৰেন্দ্ৰ কুমাৰ সিনহাক দুৰ্নীতিৰ গোচৰত ১১ বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হয়।বাংলাদেশৰ এখন আদালতে দেশখনৰ প্ৰথমগৰাকী হিন্দু মুখ্য ন্যায়াধীশ সুৰেন্দ্ৰ কুমাৰ সিনহাক কাৰাদণ্ড বিহে।

মুখ্য ন্যায়াধীশ সুৰেন্দ্ৰ কুমাৰ সিনহাক কাৰাদণ্ড বিহা ৰায়দানক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি আখ্যা দিয়ে একাংশ বিৰোধী দল আৰু সুৰেন্দ্ৰ কুমাৰ সিনহাৰ সমৰ্থকে।

ঢাকাৰ আদালতে সুৰেন্দ্ৰ কুমাৰ সিনহাক এটা ব্যক্তিগত বেংকৰ পৰা প্ৰায় ৪,৭১,০০০ ডলাৰ সৰকোৱা বুলি ৰায়দান দি দোষী সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, সুৰেন্দ্ৰ কুমাৰ সিনহাই বাংলাদেশৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। সুৰেন্দ্ৰ কুমাৰ সিনহাই মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতে সিনহাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল।