Local, Vocal, Global

বজালীত বানক লৈ তৎপৰ প্ৰশাসন ।

54

বজালীত বানক লৈ তৎপৰ প্ৰশাসন । যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু ভাৰতীয় সেনা l স্থাপন কৰা হৈছে ৮ টাকৈ সাহায্য শিবিৰ । বজালীৰ পহুমৰা নদীৰ সংহাৰী ৰূপে প্ৰশাসনকো ভাবিবলৈ বাধ্য কৰিছে l  এফালে কৰ’না মহামাৰীক কেন্দ্ৰ কৰি দিনে-নিশাই কাম  আৰু তাৰ মাজতে এতিয়া বজালীৰ বিধংসী বানৰ সতে যুঁজি বানাক্ৰান্তৰ ওচৰত ঠিয় হৈছে প্ৰশাসন l  যিকোনো পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াবলৈ বৰমাস্থিত জাট ৰেজিমেণ্টৰ সেনাৰ শীৰ্ষ বিষয়াই মহকুমা প্ৰশাসনক যিকোনো পৰিস্থিতিত সহায় কৰিবলৈ নিজে আগবাঢ়ি আহিছে l  প্ৰতি মুহূৰ্ততে সাজু হৈ আছে SDRF আৰু NDRF বাহিনী l