Local, Vocal, Global

বজালীত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত বানপীড়িতৰ আশ্ৰয়, বানপীড়িতই এতিয়া লৈ পোৱা নাই কোনো সাহায্য৷ পহুমৰা নৈৰ বাঢ়নি পানীৰ ভয়ংকৰ ৰূপ৷ আতংকিত গাঁওবাসী৷

ভূটানৰ পৰা অহা কুৰিছু বান্ধৰ পানীয়ে এতিয়া শংকিত কৰিছে পহুমৰা নদীক৷ পহুমৰা নদীৰ প্ৰকোপত হোৱা বানপানীৰ পৰিণতিত ভৱানীপুৰ ৰাজাঘাট আৰু কুৰোবাহা অঞ্চলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে৷ পানীত ঘৰ-বাৰী ডুব যোৱাত বহু পৰিয়াল এতিয়া গৰু ছাগলী সহ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ত এনেদৰে শিবিৰ পাতি বসবাস কৰিবলগীয়া হৈছে৷ কণ কণ শিশুসহ বিনিদ্ৰ ৰজনী কটাইছে পৰিয়ালকেইটাই৷ কৰোনাৰ বাবে সামাজিক দুৰত্ব মানি চলিবলৈও এতিয়া অসমৰ্থ দুৰ্ভগীয়া লোকসকল৷  আনহাতে বাঢ়নি পানীয়ে বুৰাইছে ৰাজপথো৷