Local, Vocal, Global

বজালীত পহুমৰা নৈৰ বানৰ সংহাৰী ৰূপ

বজালীত বানৰ সংহাৰী ৰূপ

পহুমৰা নৈৰ মথাউৰি ভাঙি বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল

শ শ বিঘা কৃষিভূমি পানীৰ তলত

পহুমৰা নৈৰ বাঢ়নী পানীত জলমগ্ন বজালীৰ কেইবাখনো গাওঁ। নেৰানেপেৰা বৰষুণ আৰু ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বজালীৰ গহিনপাৰাত মথাউৰি ভাঙি গহিনপাৰা, পুঠিমাৰী ,হকাৰটুপ, বাল্লিমাৰী আদিকে ধৰি কেইবাখনো গাৱঁত সৃষ্টি হৈছে হাহাকাৰময় পৰিবেশ। আনহাতে এই বানৰ কৱলত পৰিছে কৰ্দৈগুৰি-বামাখাটা সংযোগী গড়কাপ্তানী পথ। চলিত মাহতে দুটাকৈ বানে গহিনপাৰাকে ধৰি ইয়াৰ সমীপৰ গাওঁসমূহত বিস্তৰ ক্ষতি সাধন কৰিছে। বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে বিশেষকৈ গহিনপাৰাত অবৰ্ণনীয় পৰিবেশ। বানপানীৰ কৱলত পৰা প্ৰতিটো পৰিয়ালৰ ঘৰত পানী সোমোৱাত আতংকিত হৈ পৰিছে পৰিয়ালসমূহ।পশুধনৰো বিলাই বিপত্তি নোহোৱা হৈছে এই বানত । কঠীয়া সিঁচাৰ ভৰপক সময়ত শ-শ বিঘা কৃষিভূমি বানপানীৰ কৱলত পৰাৰ ফলত কৃষক সকল চিন্তিত হৈ পৰিছে। লক্ষণীয় ভাবে এতিয়ালৈকে প্ৰশাসনৰ লোক অহা নাই বন্যাৰ্তৰ খবৰ লবলৈ।